Tata Ace Gold Header Banner

টাটা এছ গ’ল্ডৰ ৰূপৰেখা

টাটা এছ গ’ল্ড

2005 চনত টাটা মটৰ্চে টাটা এছ বজাৰত মুকলি কৰাৰ জৰিয়তে সৰু বাণিজ্যিক গাড়ীৰ উদ্যোগখনত পথিকৃতৰ ভূমিকা পালন কৰিছিল। তেতিয়াৰেপৰা টাটা এছে নিজৰ গ্ৰাহকসকলক আৰু লগতে গোটেই পৰিৱেশ ব্যৱস্থাৰ প্ৰতি গুৰুত্বপূৰ্ণ এক অৰ্থনৈতিক আৰু সামাজিক সুযোগ-সুবিধা প্ৰদান কৰি আহিছে। ছোটা হাতী নামেৰে জনাজাত টাটা এছে 20 লাখৰো অধিক গ্ৰাহকক সফল আন্ত্ৰপ্ৰিনিয়ৰ হৈ উঠিবলৈ সাহায্য কৰিছে আৰু এয়া হ’ল ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা চিভি ব্ৰেণ্ড।

টাটা এছৰ প্ৰথম সংস্কৰণে সৰু বাণিজ্যিক বাহন চেগমেণ্টৰ ক্ৰমবিকাশৰ আৰম্ভ কৰিছিল, দেশত লাষ্ট মাইল ডিষ্ট্ৰিবিউশ্বন ব্যৱস্থাত বিপ্লৱ কঢ়িয়াই আনিছিল, এনেকৈ বাণিজ্যিক গাড়ীৰ উদ্যোগখনত অতি কম সময়ৰ ভিতৰতে কিংবদন্তী হৈ উঠিছিল। কিংবদন্তী টাটা এছৰ ইক্যুইটি হ’ল অতুলনীয় আৰু গ্ৰাহকৰ সৈতে ইয়াৰ সুদৃঢ় আৱেগিক সম্পৰ্ক আছে। কিংবদন্তী টাটা এছ এতিয়া টাটা এছ গ’ল্ড নামেৰে উভতি আহিছে।

টাটা এছ গ’ল্ডত আছে জনপ্ৰিয় কিংবদন্তী ফ্ৰণ্ট ফেচিয়া, ইয়াৰ ষ্টিয়াৰিং হুইলত আছে অধিক উন্নচ এৰ্গ’নমিক্স আৰু আছে এখন ইউটিলিটেৰিয়েন ডেশ্বব’ৰ্ড। এই গাড়ী এছ এইচ্চটি-ৰ প্ৰমাণিত গুণমানৰ ডিএনএ-ক আগবঢ়াই লৈ আছে। সৰ্বাধিক বহুমুখী কাৰ্যকাৰিতাসম্পন্ন সৰু বাণিজ্যিক গাড়ীৰ অনন্য লাভ আৰু সুযোগ-সুবিধাসমূহ এই গাড়ীতো অব্যাহত হৈ আছে। এই গাড়ী চলোৱাৰ খৰচ কম, যাৰ ফলত এই গাড়ীৰ গ্ৰাহকসকলে সৰ্বাধিক ধন উপাৰ্জনৰ সুযোগ লাভ কৰি থাকে। টাটা এছ গ’ল্ডৰ মূল্য কম কিন্তু ইয়ে হ’ল গ্ৰাহকসকলৰ বাবে সৰ্বাধিক আকৰ্ষণীয়য় সম্পদ।

Tata Ace Gold