টাটা মটৰ্চ লিমিটেড (ইয়াৰ পাছত “টিএমএল” বুলি উল্লেখ কৰা হব)আপোনাৰ ব্যক্তিগত ডাটাৰ সুৰক্ষা আৰু গোপনীয়তা ৰক্ষাৰ বাবে বদ্ধপৰিকৰ। আপোনাৰ ব্যক্তিগত তথ্য প্ৰক্ৰিয়াকৰণত আপোনাৰ গোপনীয়তাৰ সুৰক্ষা হৈছে আমাৰ বাবে এক উদ্বেগৰ বিষয় যাক আমি আমাৰ ব্যৱসায়িক প্ৰক্ৰিয়া সমুহত বিশেষ গুৰুত্ব প্ৰদান কৰো। প্ৰযোজ্য আইনী ব্যৱস্থা অনুসৰি আমি সংগৃহীত ব্যক্তিগত ডাটা সমুহ ব্যৱহাৰ কৰো।
এই গোপনীয়তা নীতিৰ মুল উদ্দেশ্য হৈছে আমাৰ দ্বাৰা সংগ্ৰহ কৰা ব্যক্তিগত তথ্য সমুহৰ প্ৰ্কৃতি, কি উদ্দেশ্য আগত ৰাখি এই তথ্য সমুহ সংগ্ৰহ কৰা হৈছে, ইয়াক কি দৰে ব্যৱহাৰ কৰা হব, এই ডাটা সমুহৰ পৰৱৰ্তী প্ৰক্ৰিয়াকৰণ তথা আমাৰ সৈতে ভাগ বতৰা কৰা ব্যক্তিগত ডাটা সমুহ্ৰৰ ক্ষেত্ৰত আপোনাৰ কি অধিকাৰ সেই বিষয়ে দৃষ্টিগোচৰ কৰা।এই গোপনীয়তা নীতিয়ে আপোনাৰ ব্যক্তিগত তথ্যৰ সুৰক্ষা সম্পৰ্কীয় আপোনাৰ অধিকাৰ সমুহ নিৰ্ধাৰণ কৰে। এই গোপনীয়তা নীতিয়ে টিএমএল এ সংগ্ৰহ কৰা আপোনাৰ তথ্য সমুহ কি দৰে ব্যৱহাৰ কৰা হব, কি দৰে বজাই ৰখা হব, ভাগ বতৰা কৰা হব, সংৰক্ষিত কৰা হব আৰু কি দৰে আপুনি পৰৱৰ্তী সময়ত আপোনৰ তথ্য উন্নীত কৰিব পাৰিব সেই বিষয়ে বৰ্ণনা কৰে।ইলেক্ট্ৰ্নিক বা কাগজকে ধৰি যিকোনো বিন্যাসত ইউৰোপীয় অৰ্থনৈতিক ক্ষেত্ৰৰ (‘ইইএ”)পৰা টিএমএল এ প্ৰাপ্ত কৰা সকলো ব্যক্তিগত তথ্যৰ ক্ষেত্ৰত ই প্ৰযোজ্য হয়।তলত উল্লেখ কৰা তাৰিখৰ পৰা ই প্ৰযোজ্য হয় আৰু এই তাৰিখৰ পৰৱৰ্তী পৰ্য্যায়ত আমি আপোনাৰ তথ্য সমুহ ব্যৱহাৰ কৰো
এই গোপনীয়তা নীতিৰ বাহিৰেও সাধাৰণতে আপুনি আপোনাৰ ব্যক্তিগত চিনাকীকৰণ অবিহনেও আমাৰ ৱেবছাইটত সোমাব পাৰে/ব্যৱহাৰ কৰিব পাৰে। টিএমএল এ আপোনাক আপোনাৰ চিনাকীকৰণ অবিহনে ৱেবছাইট ব্যৱহাৰ কৰিব পৰাৰ বিকল্প প্ৰদান কৰিব যিটো নেকি বিধিসন্মত ভাৱে সম্ভব। ৱেবছাইট চাই থকাৰ সময়ত আপুনি বিছৰা উৎপাদন, সেৱা সম্বন্ধীয় তথ্য সমুহ অধীক গুনগত মানদণ্ডৰে প্ৰদান কৰিবৰ বাবে ৱেবছাইটৰ কিছুমান অংশক আপোনাৰ ব্যক্তিগত তথ্যৰ প্ৰয়োজন হব পাৰে।আমাৰ ৱেবছাইট ব্যৱহাৰ সন্দৰ্ভত তলত উল্লেখ কৰা চৰ্তাৱলী সমুহ পঢ়িবলৈ আৰু বুজিবলৈ অনুৰোধ জনোৱা হ’ল।ৱেবছাইটৰ ব্যৱহাৰৰ সময়ত আপোনাৰ দ্বাৰা এই চৰ্তাৱলী সমুহ বিনা চৰ্তে মানি লোৱা বুলি ধৰা হয়। এই ৱেবছাইটটো তেতিয়া ব্যৱহাৰ কৰা উচিত যেতিয়া আপুনি আমাৰ গোপনীয়তা নীতি সম্পকীয় চৰ্তাৱলী সমুহৰ প্ৰতি সন্মতি জনায় আৰু আপুনি ইচ্ছাকৃত ভাবে টাটা মটৰ্চ লিমিটেডক আপুনি প্ৰদান কৰা তথ্য সমুহ ইয়াৰ গোপনীয়তা নীতি অনুসৰি ব্যৱহাৰ কৰিবলৈ অধিকাৰ প্ৰদন কৰে।যদি আপুনি আমাৰ চৰ্তাৱলী সমুহৰ সৈতে একমত নহয় নতুবা যিকোনো কাৰণত আমাৰ ৱেবছাইটৰ প্ৰতি সন্তুষ্ট নহয় নতুবা আন যি কোনো কাৰণতেই নহওক কিয় আপোনাক ৱেবছাইট ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হব।
এই গোপনীয় নীতি পঢ়িবৰ বাবে আপোনাক আমি উদগনি জনাইছো।
ব্যক্তিগত তথ্য যি বোৰ আমি সংগ্ৰহ কৰো
ব্যক্তিগত তথ্যই সেই সমুহ তথ্যক বুজায় যিয়ে টিএমএল ক আপুনি কোন সেই বিষয়ে বিশেষ ভাৱে জনাত সহায় কৰে আৰু যাক নেকি পৰিছয়, যোগাযোগ তথা আপোনাক বিছাৰি উলিওৱাত সহায় কৰে (যেনে নাম, বয়স, লিংগ, মেইল পঠোৱাৰ ঠিকনা, টেলিফোন নম্বৰ আৰু ই-মেইল ঠিকনা)আমি আপোনাৰ ব্যক্তিগত তথ্য তেতিয়া সংগ্ৰহ কৰো যেতিয়া আপুনি আমি চলোৱা জৰীপৰ প্ৰতি সহাৰি দিয়ে, আমি আয়োজন কৰা অনুষ্ঠান সমুহত আপুনি নিজকে পঞ্জীয়ন কৰে, ব্যক্তিগতকৃত সেৱা সমুহৰ বাবে পঞ্জীয়ন কৰে, উৎপাদিত সামগ্ৰী সমুহৰ বিষয়ে তথ্য বিছাৰি অনুৰোধ জনায় নতুবা আমাৰ সেৱা লাভ কৰে তথা গ্ৰাহকে সহায় বিছাৰি জনোৱা অনুৰোধৰ সময়ত।আমাৰ কামত অহা আপোনাৰ ব্যক্তিগত তথ্য যেনে আপোনাৰ নাম, ঠিকনা, জিপ কোড, ফোন নম্বৰ, ই-মেইল ঠিকনা, আই পি এদ্ৰেছ, স্থানৰ তথ্য, আপুনি ব্যৱহাৰ কৰা সজুলিৰ বিসয়ে তথ্য প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাব পাৰো। আপোনাৰ সম্বন্ধে টিএমএল ৰ ওচৰত মজুত থকা সকলোবোৰ ব্যক্তিগত তথ্য সদায় পোনপটীয়া ভাৱে আপোনাৰ পৰা নাহিবও পাৰে। উদাহৰণ স্বৰুপে এই তথ্য সমুহ আপোনাৰ নিয়োগকৰ্তা নতুবা আপুনি জড়িত হৈ থকা অন্যান্য সংগঠন সমুহৰ পৰাও আহিব পাৰে। যি কি নহওক আপুনি যেতিয়া এই ৱেবছাইটৰ সৈতে মত বিনিময় কৰে নতুবা এই ৱেবছাইটে আগবঢ়োৱা সেৱা সমুহ ব্যৱহাৰ কৰে তেতিয় টিএমএল এ আপোনাৰ ব্যক্তিগত তথ্য সমুহ সংগ্ৰহ কৰে। উদাহৰণ স্বৰূপে:
আপুনি আপোনাৰ সম্বন্ধীয়, বন্ধু বান্ধব নতুবা আন কোনো তৃতীয় পক্ষৰ তথ্য সম্বলিত আপোনাৰ ব্যক্তিগত ডাটা প্ৰদান কৰি এইটো নিশ্চিত কৰিছে আৰু গেৰাণ্টি দিছে যে এই গোপনীয়তা নীতিত উল্লেখ কৰাৰ দৰে এনেধৰণৰ তথ্য প্ৰদান কৰিবৰ বাবে আপুনি আপোনাৰ সম্বন্ধীয়, বন্ধু বান্ধব তথা তৃতীয় পক্ষৰ পৰা এই তথ্য সমুহ ফাদিল কৰিবৰ বাবে যথোপযুক্ত সন্মতি লৈছে।
আমাৰ গোপনীয়তা নীতিৰ চৰ্তাৱলী আৰু নিয়মাৱলীৰ প্ৰতি সন্মতি জনোৱাৰ পাছত আৰু ইয়াৰ গোপনীয়তা নীতি অনুসৰি টাটা মটৰ্চ লিমিটেডক আপুনি প্ৰদান কৰা সকলোবোৰ তথ্য ব্যৱহাৰ কৰিবলৈ স্ব ইচ্ছাই সন্মতি আৰু অধিকাৰ প্ৰদান কৰিহে আপুনি এই ৱেবছাইটত সোমাৱা উচিত।
সামূহিক আলোচনা বোৰ্ডসমূহ
আমাৰ ৱেবছাইটে অন লাইন সামূহিক আলোচনা বোৰ্ড, ব্লগ্চ আৰু অন্যান্য উপায়সমূহৰ জৰিয়তে ব্যৱহাৰকাৰী সকলক ইজনে আনজনৰ সৈতে যোগাযোগ ৰখাৰ সুবিধা প্ৰদান কৰে। এই আলোচনা বোৰ্ড সমূহত কি বিষয় উত্থাপন কৰা হয় সেই বিষয়ে আমি নজৰ নাৰাখো।আলোচনা বোৰ্ডত দাঙি ধৰা ব্যক্তিগত তথ্য সমূহৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত যিহেতু ইয়াত উল্লেখ কৰা বিষয় সমূহ আমাৰ গোপনীয়তা নীতিৰ আধীনত সুৰক্ষিত নহয় আৰু যদি আপুনি ইয়াত নিজৰ ব্যক্তিগত তথ্য দাঙি ধৰিব বিছাৰে তাৰ বাবে আমি জগৰীয়াও নহয়। প্ৰকাশৰ বাবে আমাৰ ৱেবছাইটত দিয়া আপোনাৰ ব্যক্তিগত তথ্য সমূহ ইনটাৰনেটৰ জৰিয়তে সমগ্ৰ বিশ্বতে বিয়পি পৰিবও পাৰে। আন কাৰোবাৰ দ্বাৰা এই তথ্য সমূহৰ ব্যৱহাৰ নতুবা অপব্যৱহাৰ আমি ৰোধ কৰিব নোৱাৰিম।
টিএমএল ৰ ৱেবছাইটে আন ৱেবছাইট সমূহৰ লিংকো সংলগ্ন কৰিব পাৰে। টিএমএল এ সেই সমূহ ৱেবছাইটৰ গোপনীয়তা তথা বিষয়বস্তূ সম্বন্ধে জগৰীয়া নহব যদিহে:
কিদৰে আমি আপোনাৰ ব্যক্তিগত ডাটা সমূহ ব্যৱহাৰ কৰো
আমি আপোনাৰ ব্যক্তিগত ডাটা সমূহ ব্যৱহাৰ কৰিব পাৰো যদিহে আমাৰ ওচৰত এই সম্বন্ধে এক উপযুক্ত কাৰণ থাকে। এক বা একাধিক কাৰণতহে আমি আপোনাৰ ডাটা ব্যৱহাৰ কৰো:
আমাৰ ব্যৱহাৰৰ সময়ত আপোনাৰ তথ্য সমূহ গোপনীয়তা জাননীৰ অধীনত ৰখা হয়। আমাক দিয়া তথ্য সমূহ আমাৰ সাধাৰণ ব্যৱসায়ৰ বাবে টিএমএল এ ব্যৱহাৰ কৰে। ইয়াৰ বাবে তলত উল্লেখ কৰা উদ্দেশ্য সমূহ সন্নিবিষ্ট হব পাৰে:
আপোনাৰ অনুসন্ধানৰ প্ৰত্যুত্তৰ দিবলৈ নতুবা আপোনাৰ প্ৰতি প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ প্ৰয়োজনতহে আমি এনে ধৰণৰ তথ্য সমূহ সংগ্ৰহ কৰাত মনোনিবেশ কৰো।আপুনি প্ৰদান কৰা তথ্য সমূহ শুদ্ব, সম্পুৰ্ন আৰু বৰ্তমানৰ বুলি নিশ্চিত কৰাটো আপোনাৰ দায়িত্ব।
আমাৰ ৱেবছাইট, মোবাইল এপ্লিকেচ্ন নতুবা আন কোনো ব্যৱস্থাত আপোনাৰ যোগাযোগৰ বিবৰণ প্ৰদান কৰি আপুনি টিএমএল নতুবা ইয়াৰ আন কোনো সহযোগীৰ পৰা ই মেইল, এচএমএচ, ফোন কল নতুবা হোৱাটচ্এপ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে।
টিএমএল এ কোনো জাননী জাৰি নকৰাকৈ টিএমএল ৱেবছাইট আৰু ইয়াৰ সৈতে জড়িত সেৱা সমূহ নতুবা ইয়াৰ যিকোনো অংশত সম্পুৰ্ন ভাৱে নতুবা আংশিক ভাৱে আপোনাৰ প্ৰবেশত বাধা দিবৰ বাবে সম্পুৰ্ন অধিকাৰ নিজৰ লগত ৰাখিছে।
কেতিয়া আমি ব্যক্তিগত ডাটা ভাগ বতৰা কৰো
ব্যৱসায় পৰিচালনা কৰিবৰ বাবে নতুবা প্ৰয়োজনীয় সেৱা প্ৰদানৰ বাবে যেতিয়াই প্ৰয়োজন বুলি ভবা যায় তেতিয়াই টিএমএল এ ব্যক্তিগত ডাটা সমূহ ভাগ বতৰা কৰে নতুবা প্ৰকাশ কৰে।যদি টিএমএল এ ব্যক্তিগত ডাটা সমূহ বাহিৰত পঠিয়াব বিছাৰে তেতিয়া টিএমএল এ গোপনীয়তাৰ অধিকাৰ সুৰক্ষিত ৰখাৰ বাবে উচিত পদক্ষেপ গ্ৰহন কৰে। আমি আপোনাৰ বিশেষ শাখা সমূহৰ ব্যক্তিগত ডাটা সংগ্ৰহ নকৰো (ই সামৰি লয় আপোনাৰ জাতি নতুবা নৃ- গোষ্ঠী, ধৰ্ম্ম নতুবা দাৰ্শনিক আস্থা, যৌন জীৱন, যৌন অভিমুখীতা, ৰাজনৈতিক মতামত, বানিজ্যিক সংঘৰ সদস্যতা, আপোনাৰ স্বাস্থ্য আৰু আনুবংশিক আৰু বায়োমেট্ৰিক তথ্য সমূহ)আমি অপৰাধ প্ৰমান হোৱা আৰু অপৰাধ সমূহৰ বিষয়েও কোনো তথ্য সংগ্ৰহ নকৰো।
টিএমএল এ আপোনাৰ সন্মতি সাপেক্ষে এই ছাইটত চাকৰিৰ বাবে দিয়া বিজ্ঞাপনৰ বাবে কৰা আবেদনৰ পৰি প্ৰেক্ষিতত টিএমএলৰ সৈতে সম্বন্ধ নথকা যিকোনো তৃতীয় পক্ষক আপোনাৰ তথ্য প্ৰদান কৰিব পাৰে নতুবা আমাৰ সৈতে জড়িত ৱেবছাইটত দিয়া সুবিধা সমূহৰ বিজ্ঞাপনৰ ক্ষেত্ৰত। উদাহৰণস্বৰূপে-
আমি ব্যক্তিগত ডাটা সমূহ কত জমা ৰাখো আৰু প্ৰক্ৰিয়াকৰণ কৰো
টিএমএল এক বৈশ্বিক সংগঠন হিচাপে আমি এইটো সুনিশ্চিত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰো যাতে আমাৰ দ্বাৰা একত্ৰিত কৰা গোপনীয়তা জাননী আৰু যত আমি এই ডাটা সমূহ ৰাখো সেই ঠাইৰ প্ৰচলিত আইন আৰু আৱশ্যকতা অনুসৰি ইয়াক প্ৰক্ৰিয়াকৰণ কৰা হয়। টিএমএল ৰ নেটৱৰ্ক ডাটাবেছ চাৰ্ভাৰ, ছিষ্টেম, সমৰ্থন আৰু সহায়ক ডেস্ক থকা আমাৰ কাৰ্যালয় সমগ্ৰ বিশ্বতে আছে। আমি আমাৰ ব্যৱসায়িক আৱশ্যকতা, কৰ্ম্মচাৰীৰ শক্তি আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা পুৰণৰ বাবে সমগ্ৰ বিশ্বতে থকা ক্লাউড হোষ্টিং সেৱা, যোগান আৰু কাৰিকৰী সহায়তাৰ বাবে তৃতীয় পক্ষৰ সৈতে সহযোগীতা গঢ়ি তোলো। ব্যক্তিগত ডাটা সমূহৰ প্ৰক্ৰিয়াকৰণ, সুৰক্ষিত আৰু স্থানান্তৰিত কৰণৰ ক্ষেত্ৰত আমি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰো।
টিএমএল এ আপোনাৰ ব্যক্তিগত ডাটা কাকো বিক্ৰী নকৰে নতুবা ভাড়াটো নিদিয়ে। কিছুমান ক্ষেত্ৰত যেনে আপুনি বিছৰা সেৱা আৰু উৎপাদন সমূহ আপোনাক প্ৰদান কৰাৰ বাবে আপোনাৰ ব্যক্তিগত ডাটা প্ৰয়োজন সাপেক্ষে টিএমএল ৰ ভিতৰতে নতুবা তৃতীয় পক্ষক প্ৰদান কৰিবলগীয়া হব পাৰে। যদি আমি অন্য দেশত ব্যক্তগত তথ্য স্থানান্তৰিত কৰো যত নেকি প্ৰচলিত আইনে আপোনাৰ নিজৰ দেশৰ দৰে ডাটাৰ সুৰক্ষা প্ৰদান নকৰে তেতিয়া আমি ডাটা গোপনীয়তা সুৰক্ষাৰ এক উচিত স্তৰ প্ৰদান কৰিবৰ বাবে উপায় অৱলম্বন কৰো। উদাহৰণস্বৰূপে আপোনাৰ ডাটা লাভ কৰা সকলে আপোনাৰ ব্যক্তিগত তথ্য সংৰক্ষণ কৰাটো সুনিশ্চিত কৰিবৰ বাবে আমি অনুমোদিত চুক্তিৰ ধাৰাসমূহ, বিভিন্নজনক ডাটা হস্তান্তৰিত কৰা চুক্তি, গ্ৰুপৰ ভিতৰতে হোৱা চুক্তি আৰু অন্যান্য উপায় সমূহ গ্ৰহণ কৰিব পাৰো।
আমি ব্যক্তিগত ডাটা কিদৰে সুৰক্ষিত কৰো
টিএমএলএ আপোনাৰ ব্যক্তিগত ডাটা সুৰক্ষাৰ বাবে উপযুক্ত কাৰিকৰী আৰু প্ৰক্ৰিয়া সমূহ ব্যৱহাৰ কৰে। আমাৰ তথ্যৰ সুৰক্ষা নীতি আৰু প্ৰক্ৰিয়া সমূহ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে ওত:প্ৰোত ভাবে জড়িত হৈ থাকে আৰু আমাৰ ব্যৱসায়িক আৱশ্যকতা, উদ্যোগিক পৰিবৰ্তন আৰু নিয়ামক প্ৰয়োজনীয়তা অনুসৰি পুনৰীক্ষণ কৰা হয়। উদাহৰণ স্বৰূপে,
কুকিজ
সময়ে সময়ে আমি ‘কুকি” নামৰ এক প্ৰযুক্তি মানদণ্ড ব্যৱহাৰ কৰিব পাৰো। কুকি হল এটা সৰু “টেক্স” ফাইল যাক নেকি কম্পিউটাৰ নতুবা আন সৰঞ্জামৰ সৈতে ৰখা হয় আৰু ইয়াক ব্যৱহাৰকাৰী নতুবা সৰঞ্জাম চিনাক্তকৰণ আৰু তথ্য সংগ্ৰহৰ কাৰণে ব্যৱহাৰ কৰা হয়। কুকিজক সাধাৰণতে ই সম্পৰ্ন কৰা কাৰ্য আৰু ইস্পিত উদ্দেশ্যৰ ভিত্তিত চাৰিটা শাখাৰ ভিতৰত কোনো এটা শাখাত ৰখা হয়- বিপণনৰ উদ্দেশ্যে কুকিজ, প্ৰয়োজনীয় কুকিজ, প্ৰদৰ্শন কুকিজ আৰু কাৰ্যকৰী কুকিজ। এটা কুকিজে আপোনাৰ হাৰ্ড দ্ৰাইভৰ পৰা আন কোনো ডাটা পুনৰ প্ৰাপ্ত কৰিব নোৱাৰে, কম্পিউটাৰ ভাইৰাচ সোমাব নোৱাৰে নতুবা আপোনাৰ ইমেইল ঠিকনা ধৰি ৰাখিব নোৱাৰে। বৰ্তমান সময়ত ৱেবছাইট সমূহে ব্যৱহাৰকাৰী সকলৰ ভিজিট বঢ়াবৰ বাবে কুকিজৰ প্ৰয়োগ কৰে। সাধাৰণতে কুকিজে ব্যৱহাৰকাৰী সকলৰ আই ডি আৰু পাছৱৰ্ড সুৰক্ষিত ভাবে জমা কৰি ৰাখিব পাৰে, হোম পেজ সমূহ ব্যক্তিক কৰিব পাৰে আৰু চিনাক্ত কৰিব পাৰে যেনে ৱেবচাইট ব্যৱহাৰকাৰী সকল ৱেবচাইটৰ কোন কোন অংশত সোমাইছিল। যেতিয়া কুকি ৰখা হয় তেতিয়া আপোনাক জনাবৰ বাবে নিজৰ ব্ৰাউজাৰ স্থাপন কৰাটো সম্ভব। এই ধৰণে আপোনাৰ ওচৰত সিদ্বান্ত লোৱাৰ সুযোগ থাকে যে আপুনি কুকি স্বীকাৰ কৰিব নে নকৰে। আমাৰ আলহীয়ে এই ৱেবছাইটৰ কেনেকৈ আৰু কেতিয়া ব্যৱহাৰ কৰে সেই বিষয়ে জানিবলৈ যদি আমাৰ ছাইটটো আৰু অধিক সুন্দৰ কৰি তোলাত আমাক সহায় কৰিব পাৰে। ব্যক্তিগতভাৱে কুকিজে আমাক আপোনাৰ বিষয়ে একো নকয় যেতিয়ালৈকে আপুনি বিশেষভাৱে কোনো অতিৰিক্ত তথ্য প্ৰদান নকৰে। টিএমএলএ কুকিয়ে দিয়া তথ্য আমাৰ দ্বাৰা নতুবা তৃতীয় পক্ষৰ দ্বাৰা সংগৃহিত কোনো ধৰণৰ ব্যক্তিগতভাৱে চিনাক্তকৰণ কৰিব পৰা তথ্যৰ সৈতে চামিল নতুবা সম্বন্ধ গঢ়ি নোতোলে।
আমি কুকিজৰ ব্যৱহাৰ কৰিব পাৰো: i) ৱেবচাইটত আপোনাৰ ভিজিট গণনা কৰিবৰ বাবে ii)ৱেবছাইট ব্যৱহাৰ সম্বন্ধে বেনামি, সম্পূৰ্ণ আৰু পৰিসংখ্যাৰ তথ্য সংগ্ৰহৰ বাবে iii)আপোনাৰ প্ৰযোজনীয়তা আৰু আপুনি ৱেবছাইটত বিছৰণ কৰা ইতিহাস অনুসৰি উপযুক্ত সামগ্ৰী প্ৰদান কৰিবৰ বাবে iv) আপোনাৰ পাছৱৰ্ড সাচি ৰাখিবলৈ (এনেকুৱা কৰিবলৈ আপুনি অনুমতি দিলেহে) যাতে প্ৰতিবাৰে ৱেবছাইটত সোমোৱাৰ সময়ত পুনৰ দাখিল কৰিব নালাগে। নিজৰ ব্ৰাউজাৰত প্ৰাথমিকতা সংশোধন কৰি আপুনি সকলোবোৰ কুকিজ স্বীকাৰ বা অস্বীকাৰ কৰিব পাৰে,, নতুবা যেতিয়া কোনো এক কুকিজ স্থাপন কৰা হয় তেতিয়া তাৰ জাননী বিছাৰি অনুৰোধ জনাব পাৰে।
কটকটীয়াভাৱে প্ৰয়োজনীয় কুকিজ
এই কুকিজ সমূহ ৱেবছাইটৰ উচিত কামকাজৰ বাবে প্ৰয়োজনীয় যেনে বিষয়বস্তুৰ প্ৰদৰ্শন, লগঁইন কৰা, সেৱাৰ বাবে আপোনাৰ অনুৰোধৰ উত্তৰ দিয়া আৰু অন্যান্য কামৰ বাবে অধিক সংখ্যক ৱেব ব্ৰাউজাৰ কুকিজৰ ব্যৱহাৰ অক্ষম কৰাৰ বাবে স্থাপন কৰিব পৰা যায়, অৱশ্যে যদি আপুনি এই কুকি সমূহ অক্ষম কৰে তেতিয়া আপুনি আমাৰ ৱেবছাইটৰ সুবিধা সমূহ উচিত ধৰণে নতুবা একেবাৰে ব্যৱহাৰ কৰিব নোৱাৰিবও পাৰে।
শিশু
আমি শিশু সকলক পোনপটীয়াভাৱে সেৱা প্ৰদান নকৰো নতুবা তেওঁলোকৰ ব্যক্তিগত তথ্য সক্ৰিয়ভাৱে একত্ৰিত নকৰো। মাক-বাপেক নতুবা অভিভাৱক সকলে শিশু সকলক আমাৰ ৱেবছাইট ব্যৱহাৰ কৰিবৰ বাবে অধিকাৰ প্ৰদান কৰিব পাৰে যদিহে তেওঁলোকে শিশু সকলে কৰা আচৰণৰ বাবে সকলো দায়িত্ব আৰু আইনী দায়বদ্ধতা গ্ৰহণ কৰে যত নেকি বিনা কোনো পৰিসীমাৰে শিশু সকলে টিএমএলৰ ছাইটত প্ৰবেশ আৰু ব্যৱহাৰৰ চোৱচিতা কৰাটো সন্নিবিষ্ট হৈ থাকে।
যদিহে টিএমএলএ জানিব পাৰে যে মাক দেউতাকৰ সন্মতি অবিহনে শিশুৰ ডাটা সংগ্ৰহ কৰা হৈছে তেতিয়া টিএমএলএ এনে ধৰণৰ তথ্য মচি পেলোৱাৰ বাবে উপযুক্ত ব্যৱস্থা লব পাৰে, অৱশ্যে যদিহে আপুনি জানিব পাৰে যে আপোনাৰ শিশুৱে টিএমএলক নিজৰ তথ্য জমা দিয়ে তেতিয়া আপুনি ইমেইলৰ জৰিয়তে এই ডাটা সমূহ টিএমএলৰ ডাটাবেছৰ পৰা আতৰাবৰ বাবে অনুৰোধ কৰিব পাৰে। অনুৰোধ লাভ কৰাৰ পাছত টিএমএলএ নিজৰ ডাটাবেছৰ পৰা এনেধৰণৰ তথ্য আতৰোৱাৰ নিশ্চয়তা প্ৰদান কৰিব।
আপোনাৰ অধিকাৰ আৰু আপোনাৰ ব্যক্তিগত ডাটা
আমি আপোনাৰ তথ্য সমূহৰ সুগমতা আৰু নিয়ন্ত্ৰনৰ কাৰণে আপোনাৰ অধিকাৰক সন্মান জনাওঁ আৰু আপোনাৰ তথ্য সম্বন্ধীয় অনুৰোধ সমূহৰ উত্তৰো দিওঁ আৰু যত প্ৰযোজ্য হয় তাত আপোনাৰ ব্যক্তিগত তথ্য সঠিক, সংশোধন নতুবা মচি পেলাওঁ।
এনে ক্ষেত্ৰত এই অধিকাৰ সমূহ প্ৰয়োগ কৰাৰ আগতে আপুনি নিজৰ চিনাকি প্ৰমানৰ সৈতে উত্তৰ দিব লাগিব।
কেতিয়লৈকে আমি আপোনাৰ ব্যক্তিগত ডাটা সমূহ ৰাখিম?
যেতিয়ালৈকে আইনী নতুবা ব্যৱসায়ীক উদ্দেশ্যৰ বাবে ইয়াৰ উচিত প্ৰয়োজন হয় তেতিয়ালৈকে আমি ব্যক্তিগত বিবৰণ সমূহ বজাই ৰাখো। ডাটা লগত ৰখাৰ সময় নিদ্বাৰণৰ ক্ষেত্ৰত টিএমএলএ স্থানীয় আইন, চুক্তিগত দায়বদ্বতা আৰু গ্ৰাহকৰ আশা আকাংক্ষা সমূহ বিবেছ্না কৰে। যেতিয়া আমাক ব্যক্তিগত তথ্য সমূহৰ প্ৰয়োজন নোহোৱা হয় তেতিয়া আমি তাক সুৰক্ষিত ভাবে আতৰই দিওঁ নতুবা নষ্ট কৰি পেলাওঁ।
পৰিবৰ্ত্তন সমূহ
টিএমএলএ সময়ে সময়ে গোপনীয় নীতি সমূহ উন্নীত কৰিব পাৰে। আমি আপোনাক বৰ্তমানৰ গোপনীয় নীতি সমূহ চাবৰ বাবে উৎসাহিত কৰো যাতে আপুনি এই কথা অৱগত হয় যে টিএমএলএ আপোনাৰ তথ্য সমূহৰ ব্যৱহাৰ আৰু সুৰক্ষা কি দৰে কৰি আছে। যেতিয়া এই নীতিৰ কোনো গুৰুত্বপুৰ্ন পৰিবৰ্তন হয় তেতিয়া আমি এই ৱেবছাইটত এক সূচনা প্ৰদান কৰি কোন তাৰিখৰ পৰা ই কাৰ্যকৰী হব তাকো জনাওঁ।
প্ৰদান কৰা ডাটাৰ সুৰক্ষা
আমাক প্ৰদান কৰা আপোনাৰ ব্যক্তিগত ডাটাৰ সুৰক্ষাৰ বাবে আমাৰ ওচৰত কটকটীয়া সুৰক্ষা ব্যৱস্থা আছে। আমি সকলোবোৰ ব্যক্তিগত তথ্য সুৰক্ষিত ধৰণে সংগ্ৰহ কৰো। ইয়াৰ লোকচান, অপব্যৱহাৰ, ভুল ভাবে কৰা উদ্ঘাটন, পৰিবৰ্তন নতুবা বিনাশ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহন কৰা হয়। উল্লেখিত সুৰক্ষা ব্যৱস্থা সমূহ সময়ে সময়ে উন্নীত কৰা হয়, অৱশ্যে ইণ্টাৰনেট প্ৰসাৰণৰ সময়ত কোনো ধৰণৰ অনাকাংক্ষিত লোকচান, অপব্যৱহাৰ, পৰিবৰ্তন আদি যদি হয় তাৰ বাবে টিএমএল জগৰীয়া নহয় যদিহে এনে লোকচান, ক্ষতি বা অপব্যৱহাৰ কোনোধৰণৰ অপ্ৰত্যাশিত ঘটনা আপোনাৰ দ্বাৰা সংঘঠিত হয়।
টিএমএলএ আপোনাৰ ডাটা সমূহ সদ্ভাৱ পূৰ্বক বিশ্বাস নতুবা যেতিয়া আইনী দায়িত্ব পালন কৰাৰ বাবে আবশ্যক হয় বা কোনো আইন নতুবা কোনো উপযুক্ত আদালত বা বিধিসম্পন্ন প্ৰাধিকৰণৰ আদেশ অনুসৰি টিএমএলএ আইনী অধিকাৰ নতুবা বৌদ্ধিক সম্পত্তি অধিকাৰ সমূহৰ ৰক্ষা কৰাৰ কাৰণে আপোনাৰ ডাটা সমূহ প্ৰকাশ কৰিব পাৰে।
আপোনাৰ দায়িত্ব
আপুনি টিএমএলক আশ্বাস দিয়ে যে আপুনি ৱেবছাইটৰ ব্যৱহাৰ কোনো ধৰণৰ উদ্দেশ্যত নকৰিব যিবোৰ নেকি ইয়াৰ ব্যৱহাৰ চৰ্ত্তৰ দ্বাৰা অবৈধ নতুবা নিষেধ কৰা হৈছে। এই ৱেবছাইটক লোকচান কৰিব পৰা, ক্ষতি কৰিব পৰা, অধিক বোজা জাপি দিব পৰা নতুবা ৱেবছাইট নষ্ট কৰিব পৰা বা অন্য পাৰ্টিয়ে এই ৱেবছাইট ব্যৱহাৰ কৰি ইয়াক হস্তক্ষেপ কৰিব পৰা কোনো ধৰণৰ কামৰ বাবে এই ৱেবছাইট ব্যৱহাৰ নকৰিব। আপুনি কেতিয়াও এই ৱেবছাইটৰ সংশোধন, প্ৰতিলিপি, বিতৰণ, প্ৰসাৰণ, প্ৰদৰ্শন, পুনৰ উৎপাদন আৰু প্ৰচাৰ নকৰিব। আমাৰ আগতীয়া অনুমতি অবিহনে প্ৰত্যক্ষ বা পৰোক্ষ ভাবে টিএমএলৰ ৱেবছাইটৰ পৰা লাভ কৰা কোনোধৰণৰ ডাটা, সেৱা, স্থানান্তৰিত কৰা নতুবা বিক্ৰী কৰিব নোৱাৰিব। ব্যক্তিগত আৰু অন্য ব্যৱসায়িক ব্যৱহাৰ বাদ দি এই সামগ্ৰী সমূহ আৰু ইয়াৰ কোনো অংশ কম্পিউটাৰত সংগ্ৰহ কৰিব নোৱাৰিব।
শাসকীয় আইন/ক্ষেত্ৰিয় অধিকাৰ
এই গোপনীয় নীতি ভাৰতীয় আইনৰ অধীনত থাকিব আৰু মুম্বাই (ভাৰত)ৰ আদালতৰ ওচৰত ইয়াৰ দ্বাৰ উৎপন্ন হোৱা যিকোনো প্ৰকাৰৰ বিবাদ পৰীক্ষণ কৰাৰ ক্ষেত্ৰীয় অধিকাৰ থাকিব।
প্ৰশ্ন/যোগাযোগৰ তথ্য
যদি এই গোপনীয়তা নীতি সম্বন্ধে আপোনাৰ কিবা প্ৰশ্ন নতুবা মন্তব্য আছে তেনেহলে আপুনি অনুগ্ৰহ কৰি dpr@tatamotors.com ত আমাৰ সৈতে যোগাযোগ কৰক
বলবৎ হোৱা তাৰিখ: 24.03.22